গুৱাহাটী – আলফা স্বাধীন ফৈদ দুৰ্বল হৈ পৰিছে নেকি? নে বিভাজন আৰম্ভ হৈছে আলফাত? আলফা-নেতা পৰেশ বৰুৱাৰ ভতিজাক মুন্না বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে সৌসিদিনালৈকে চৰ্চাৰ বিষয় হৈ আছিল। অৱশ্যে মুন্ন বৰুৱা সন্ধানহীন হৈ থকা বুলি উল্লেখ কৰিছিল সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। ইয়াৰ মাজতে এইবাৰ স্বাধীন ফৈদটোৰ এজন শীর্ষ নেতাৰ আত্মসমর্পণে আলফা স্বাধীনৰ ভিতৰচ’ৰা জোঁকাৰি গৈছে৷ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পাছতে উপমুখ্য সেনাধ্যক্ষ তথা ৱেষ্টার্ন কামাণ্ডৰ পৰিচালক পদত থকা দুর্ধর্ষ নেতা দৃষ্টি ৰাজখোৱাই কালি চাৰি সতীর্থসহ মেঘালয়ত আত্মসমর্পণ কৰা তথ্যই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

লক্ষণীয় যে সংগঠনটোৰ দুর্ধর্ষ নেতা তথা বোমা বিশেষজ্ঞ হিচাপে পৰিচিত দৃষ্টি ৰাজখোৱা সেনা-আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷ তেওঁক গ্রেপ্তাৰ কৰিবৰ বাবে দীর্ঘদিন ধৰি অভিযান চলায়ো প্রশাসন যন্ত্র সফল হ’ব পৰা নাছিল৷ তেনে সময়তে আলফা-নেতাজনে আত্মসমর্পণ কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চাৰিজন সতীর্থসহ বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র লৈ মেঘালয় আৰক্ষীৰ ওচৰত তেওঁ আত্মসমর্পণ কৰাৰ খবৰ পোৱা গৈছে৷

ইতিমধ্যে ৰাজখোৱাক ব্যাপক নিৰাপত্তাৰ মাজেৰে গুৱাহাটীলৈ লৈ অহা হৈছে৷ দুর্ধর্ষ আলফা-নেতাজনে লগত ইয়াছিন আলী অসম (২৫) লখিমপুৰ, ৰূপজ্যোতি ৰাভা ওৰফে লম্বু (২৫) কৃষ্ণাই,বাবুল ৰাভা (২২) (গোৱালপাৰা),দৃষ্টি ৰাজখোৱা ওৰফে বুঢ়া দাদা (৫০) গোৱালপাৰা জিলাৰ বেলপাৰা, ৰাহুল হাজৰিকা ওৰফে লাডেন (২৭) মৰান নামৰ সতীর্থকেইজনক লৈ কালি পুৱা মেঘালয়ত বি এছ এফৰ হাতত ধৰা দিয়ে৷

১৯৮৭ চনত আলফাত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পনৰ লগে লগে পৰেশ বৰুৱা আক্ষৰিক অৰ্থতেই দৃষ্টিহীন হৈ পৰিব। আমাৰ তথ্য অনুসৰি দৃষ্টি ৰাজখোৱা আৰু তেওঁৰ লগত থকা এই সৰু দলটোৱে বাংলাদেশত আত্মগোপন কৰি আছিল আৰু শেহতীয়াকৈ তেওঁ মধ্যস্থতাকাৰীৰ জৰিয়তে আত্মসমর্পণৰ বাবে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। ১০ নৱেম্বৰৰ পুৱা বাংলাদেশৰ টঙিবাৰী নামৰ স্থানৰ পৰা দলটোৱে আত্মসমর্পণৰ বাবে যাত্রা আৰম্ভ কৰিছিল বুলি আমি তথ্য লাভ কৰিছো।

পিছে হঠাতে পৰেশ বৰুৱাৰ সোঁহাত স্বৰূপ দৃষ্টি ৰাজখোৱাই কিয় হঠাতে আত্মসমর্পণ কৰিবলৈ আগবাঢ়ি আহিল। পৰেশ বৰুৱাই যদিও একমাত্ৰ শাৰীৰিক অসুস্থতাৰ বাবেই আত্মসমৰ্পন কৰা বুলি উল্লেখ কৰিছে, ইয়াক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে৷

সাধাৰণতে মেঘালয় আৰু বাংলাদেশত আত্মগোপন কৰি কাম-কাজ কৰি থকা দৃষ্টি ৰাজখোৱাই দীর্ঘদিন ধৰি সমগ্র নামনি অসমত সংগঠনৰ অস্তিত্ব বজাই ৰাখিছিল৷ আমি পূৰ্বেই কোৱাৰ লেখীয়াকৈ দৃষ্টিৰ আত্মসমর্পণ আলফাৰ বাবে মোক্ষম আঘাত। তেওঁ নিজেও অসুস্থ বুলি সন্দেহ কৰা হৈছে৷

কিয় আত্মসমৰ্পণ কৰিলে আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই? দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ সম্পৰ্কত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই।

পৰেশ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিছে যে,”আলফা(স্বা)ৰ সন্মতি সাপেক্ষেই আত্মসমৰ্পণ কৰিছে দৃষ্টি ৰাজখোৱাই। মেঘালয়ৰ এটা অঞ্চলত সুৰক্ষা বাহিনীয়ে দৃষ্টি ৰাজখোৱাক প্ৰায় এসপ্তাহ ঘেৰাও কৰি ৰাখিছিল। শেষত খাদ্য সামগ্ৰীৰ তীব্ৰ নাটনি হৈছিল। আত্মসমৰ্পণৰ বাহিৰে আন উপায় নাছিল দৃষ্টি ৰাজখোৱাৰ।

এই সময়ছোৱাত দৃষ্টিয়ে সংগঠনৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল আৰু যুঁজ দি আত্মহত্যা কৰাৰো চিন্তা-চৰ্চা কৰিছিল।শেষত কেন্সাৰত আক্ৰান্ত পত্নীৰ শাৰিৰীক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিবলৈ মান্তি হয়।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply