শিৱসাগৰ– ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে আলু-পিঁয়াজৰ বৰ্দ্ধিত মূল্য়ই কোঙা কৰিছে সাধাৰণ জনতাক। সেয়ে শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যংগাত্মক প্ৰতিবাদ কৰে আহোম সেনাই।

এই প্ৰতিবাদত আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সদস্য় অংকুৰ ফুকনে কয়, ‘বৰ্তমান আলু-পিঁয়াজ হীৰাৰ দৰে মূল্যবান হৈ পৰিছে।এনে মূল্যৱান সামগ্ৰীৰ সুৰক্ষাৰ বাবে আলু-পিঁয়াজৰ ব্যৱসায়ী আৰু তেওঁলোকৰ গুদাম সমূহক জেদ+ সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক।’
লগতে প্ৰতিবাদকাৰীসকলে আলু-পিঁয়াজ পৰিবহণ কৰা ঠেলাগাড়ী সমূহকো সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰলৈ ব্যংগাত্মক দাবী উত্থাপন কৰে।
আহোম সেনাই আলু-পিঁয়াজ পৰিবহণ কৰা ঠেলাগাড়ীকো কঠোৰ সুৰক্ষাৰ মাজেৰে আগবঢ়াই নি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক কটাক্ষ কৰে।
আহোম সেনাই এই প্ৰতিবাদৰ জৰিয়তে অনতিপলমে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।