কোকৰাঝাৰ- উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই বৃহস্পতিবাৰে বিটিচি অধিবেশন আৰম্ভ হয় | অধিবেশনৰ আৰম্ভণি দিনাই উতপ্ত হৈ পৰে বিটিচিৰ সদন | বিপিএফৰ সদস্য সকলে অধ্যক্ষ আসনৰ কাষলৈ গৈ প্ৰতিবাদ জনাই | প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিপিএফৰ পাৰিষদ সকলে । অধ্যক্ষৰ সন্মুখত থকা মাইকো টনা টনি কৰে বিপিএফৰ পৰিষদ সকলে |
হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ পাৰিষদৰ প্ৰতিবাদ । হুলস্থুলৰ মাজতে আস্থা ভোটৰ সন্মুখীন হ’য় প্ৰমোদ বড়ো । উত্তপ্ত পৰিস্থিতিৰ বাবে ১০ মিনিট সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । অধ্যক্ষৰ সন্মুখত প্লে কাৰ্ড লৈ প্ৰতিবাদ বিপিএফ পাৰিষদৰ ।
ইয়াৰ মাজতে বিটিচিত সম্পন্ন হৈছে আস্থা ভোটৰ প্ৰক্ৰিয়া ।

হাত দাঙি প্ৰমোদ বড়োৰ সপক্ষে ভোটদান কৰিলে বিজেপি,ইউপিপিএল আৰু জিএছপিৰ সদস্য সকলে। অবশ্যে বিপিএফে মানি লোৱা নাই এই আস্থা ভোট । ইয়াৰ বাবে বিটিচি সদনত হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি হয় | তাৰ মাজতে অধ্যক্ষৰ ঘোষনা জয়ী হৈছে প্ৰমোদ বড়ো | ২২ জন পাৰিষদৰ সমৰ্থন প্ৰমোদ বড়োক ।