গুৱাহাটী – আহোম ৰজা দিনীয়া মাছৰ বজাৰত পছন্দৰ মাছ বিচাৰি ৰাইজৰ ভিৰ। ৰৌ, ভকুৱা, আৰি, চিতল মাছেৰে উৰুকাৰ নিশা এসাজ খোৱাৰ প্ৰস্তুতি মহানগৰবাসীৰ। কোনোবাই যদি কিনিছে ৰৌ, কোনোবাই কিনিছে বৰালি, কোনোবাই আকৌ বজাৰখনত বিচাৰিছে চিতল।
পদূলি মুখত মাঘৰ বিহু। চৌদিশে মাঘ বিহুকলৈ উখল মাখল পৰিৱেশ। গ্রামঞ্চল সমূহৰ লগতে নগৰে নগৰে ইতিমধ্যে মাঘ বিহুক আদৰি অনাৰ প্ৰস্তুতি সম্পূৰ্ণ। উৰুকাৰ নিশা মেজি আৰু ভেলা ঘৰৰ বাকৰিত সকলো মিলি উৰুকাৰ নিশা এসাজ খাবলৈ চলাইছে প্ৰস্তুতি।
উৰুকাৰ নিশাৰ সাজৰ বাবে মহানগৰীৰ মাছৰ বজাৰসমূহত ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হোৱাৰ সমান্তৰালে এখন আহোম ৰজা দিনীয়া বজাৰত দেখিবলৈ পোৱা গৈছে কেইবা হাজাৰ লোকৰ সমাগম। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক বজাৰখনত প্ৰতিবছৰে উৰুকা উপলক্ষে পছন্দৰ মাছ বিচাৰি ভিৰ কৰা পৰিলক্ষিত হয় ৰাইজৰ। এইবাৰো বজাৰখনত একে পৰিৱেশ।
মহানগৰীৰ উজান বজাৰস্থিত প্ৰায় ২০০ বছৰীয়া পুৰণি এই ঐতিহাসিক মাছৰ বজাৰখনলৈ উৰুকাৰ নিশাৰ সাজৰ মাছ বিচাৰি মহানগৰবাসীৰ ভিৰ। ৰৌ, বৰালি, ভকুৱা, চিতল মাছেৰে উভৈ নদী উজান বজাৰৰ মাছৰ বজাৰখন। কোনোবাই যদি কিনিছে ৰৌ, কোনোবাই কিনিছে বৰালি, কোনোবাই আকৌ বজাৰখনত বিচাৰিছে চিতল। কোনোবাই উৰুকাৰ নিশাৰ সাজৰ বাবে উজান বজাৰৰ মাছৰ বজাৰৰ পৰা কিনিছে বৃহৎ আকাৰৰ ভকুৱা।
বুধবাৰে মাঘৰ উৰুকা উপলক্ষ্য লগে ভাগে একেলগে সকলোৱে মিলি ভেলাঘৰৰ বাকৰিত এসাজ খোৱাৰ বাবে পুৱাৰ পৰাই মাছৰ বজাৰ সমূহত মানুহৰ সোঁত বৈছে। উৰুকাৰ নিশা এসাজ খাবলৈ বিভিন্ন মাছ বজাৰসমূহত মহানগৰবাসীৰ ভিৰ কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে উজান বজাৰৰ মাছৰ বজাৰখনটো দেখা গৈছে কেইবা হাজাৰ লোক মাছ বিচাৰি অহা। উজান বজাৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱা কিনি মহানগৰবাসী উৰুকা পালনৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা যায় বুধবাৰে পুৱাৰ ভাগত।
কোনোবাই কিনিলে ৫ কেজি ওজনৰ ৰৌ, কোনোবাই কিনিলে চিতল, কোনোবাই আকৌ কিনিলে ১০ কেজি ওজনৰ বৰালি নিশা তৃপ্তিৰে এসাজ খোৱাৰ বাবে। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত পুৱাৰ ভাগত মাছ কিনাৰ দৃশ্য উপভোগ কৰিবলৈও বহু ৰাইজ ওলাই অহা দেখিবলৈ পোৱা যায়। মাছৰ আকাশলংগী দামে মন সেমেকাই তুলিলেও পৰম্পৰা আৰু মনৰ হেঁপাহক সাৰোগত কৰি ভোগালী বিহুক আদৰিবলৈ সাজু মহানগৰবাসী।