বেংক ডকাইট গ্ৰেপ্তাৰ

নলবাৰী– নলবাৰীৰ বেংক ডকাইটিৰ সৈতে জড়িত এটা বৃহৎ চক্ৰক আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হৈছে। যোৱা ২০ নৱেম্বৰ তাৰিখে নলবাৰী অময়াপুৰৰ পাঞ্জাৱ নেশ্বনেল বেংকত সংঘটিত হোৱা ডকাইটি কাণ্ডৰ লগত জড়িত দহটা ডকাইটক বিশেষ অভিযানত আটক কৰে নলবাৰী আৰক্ষীয়ে।

ডকাইটি কাণ্ডৰ লগত জড়িত এই বৃহৎ গেং টো ওডালগুড়ি, মুকালমুৱা, বৰপেটাকে ধৰি কেইবাখনো জিলাৰ যুৱক-যুৱতী জড়িত হৈ থকা বুলি আৰক্ষীয়ে তথ্য সদৰি কৰিছে।অন্যহাতে এই ডকাইটৰ গেংটোৱে কেইবাখনো জিলাত ইতিমধ্যে ডকাইটি কাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

আজি নলবাৰী আৰক্ষীয়ে দহজনক আটক কৰাৰ লগতে দুটা পিষ্টল, আঠজাঁই সজীৱ গুলী, দুইলাখ নগদ ধন,দুটা বেগ,আঠটা মোবাইল,সোণ, এযোৰ জোতা, দুখন চাৰিচকীয়া বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে।।লক্ষনীয়ভাৱে এই ডকাইটি কাণ্ডৰ লগত জড়িত আন বহুজন এতিয়াও মুক্ত আকাশৰ তলত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply