অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত এপিএছচি কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০১৩ বৰ্ষত ৰাকেশ পাল নেতৃত্বাধীন এ পি এছ চিয়ে ৰাজ্য চৰকাৰৰ বাবে ৰাজপত্ৰিত বিষয়া বাছনিত সংঘটিত কৰা  কেলেংকাৰীৰ তথ্য বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদনত প্ৰকাশ কৰা তথ্যৰ আধাৰত আৰক্ষীক তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। দিছপুৰৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে জৰুৰী নিৰ্দেশ।

এই নিৰ্দেশ অনুসৰি ২০১৩ বৰ্ষত ৰাকেশ পালে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈ বৰ্তমানো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত কৰ্মৰত অৱস্থাত থকা ৩৭ গৰাকী বিষয়া আৰক্ষীৰ তদন্তৰ আওতালৈ অহাটো নিশ্চিত হৈ পৰিছে। ৰাজ্য চৰকাৰে আৰক্ষীক এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সৰ্বমুঠ ৮ টা গোচৰৰ ফাইল খুলিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰে দুটা গোচৰ ৰুজু কৰা হৈছিল ডিব্ৰুগড় আৰু ভঙাগড় আৰক্ষী থানাত।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত চামিল হৈ আছে এই ৩৭ গৰাকী বিষয়াৰ ভৱিষ্যত। কিয়নো বিপ্লৱ শৰ্মাৰ আয়োগে চৰকাৰক যি ৭০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে তাতে উল্লেখ আছে এই ৩৭ গৰাকী বিষয়াই জালিয়াতি কৰাৰ সম্পূৰ্ণ তথ্য-প্ৰমাণ। ইয়াৰে একাংশ প্ৰাৰ্থীয়ে যদি উত্তৰবহী সাল সলনি কৰিছিল আন একাংশই আকৌ ৰাকেশ পালৰ আশীৰ্বাদত লাভ কৰিছিল অধিক নম্বৰ।

এতিয়া আগন্তুক সময়ত স্পষ্ট হ’ব এই সন্দৰ্ভত চৰকাৰৰ স্থিতি সাল-সলনি হয় নে একেই কঠোৰতাৰে দোষীক শাস্তি প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply