তেজপুৰ – তেজপুৰত অঘটন। তেজপুৰত আৰক্ষীৰ পিষ্টলৰ গুলীত আহত দুই আৰক্ষী জোৱান। আহত দুয়ো আৰক্ষী জোৱান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি। তেজপুৰৰ আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত সংঘটিত হৈছে এই অঘটন।
তেজপুৰৰ আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত সংঘটিত হৈছে অঘটন। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চাৰ্ভিছ পিষ্টলৰ গুলীত আহত হৈছে দুই আৰক্ষী জোৱান। ফায়াৰিং ৰেঞ্জত অনুশীলনৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাৰ চাৰ্ভিছ পিষ্টল চাফা কৰি আছিল হাবিলদাৰ হিমু বৰা আৰু আৰক্ষী জোৱান বুধেশ্বৰ বড়ো। পিষ্টলটো চাফা কৰি থকা অৱস্থাত পিষ্টলৰ মেগজিন খুলি নোলোৱাৰ বাবেই অসাৱধানবসত পিষ্টলৰ ট্ৰিগাৰত আঙুলি লগাত পিষ্টলৰ গুলীত আহত হয় দুই আৰক্ষীৰ জোৱান।
পিষ্টলৰ গুলী হাবিলদাৰ হিমু বৰাৰ সোঁহাতত আৰু আৰক্ষী জোৱান বুধেশ্বৰ বড়োৰ বাওঁহাত আৰু ককাঁলৰ তলত লাগে। আহত দুয়োজন আৰক্ষীকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু দুয়োজন বিপদ মুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে। উল্লেখ্য যে ফায়াৰিং ৰেঞ্জত অঘটন সংঘটিত হোৱা পিষ্টলটোৰ পৰা জীৱন্ত গুলী সমুহ নিজৰ জিম্মাত নাৰাখি কিয় গুলীভৰ্তি পিষ্টল চাফা কৰিবলৈ দায়িত্বশীল আৰক্ষী বিষয়াজনে জোৱানৰ হাতত তুলি দিছিল সেয়াহে বিচাৰ্য্যৰ বিষয়।