জোনবিল মেলাৰ পতাকা উদ্ধোধন কৰিলে গোভা দেওঁৰজা দ্বীপচিং দেওঁৰজাই

জাগীৰোড: আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক গোভা দেওঁৰজা জোনবিল মেলা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ঐতিহাসিক মেলাৰ আৰম্ভনিতে দেওঁশাল শিৱথানত মাংগলিক পূজা পাৰ্বনেৰে ইষ্টদেৱতাক স্তুতিৰে মেলাৰ আৰম্ভণি কৰে ৷

আজিৰে পৰা মেলালৈ আগমন ঘটিছে পাহাৰৰ মামা-মামী ৷ শুকুৰবাৰে দ্বিতীয় দিনা অনুষ্ঠিত হব পৰম্পৰাগত বিনিময় প্ৰথা ৷ সমান্তৰালকৈ চলিব মৎস চিকাৰ আৰু কুঁকুৰা যুঁজ ৷

ঐতিহাসিক জোনবিল মেলাৰ আৰম্ভনিতে দেওঁশাল শিৱথানত মাংগলিক পূজা পাৰ্বনেৰে ইষ্টদেৱতাক স্তুতিৰে মেলাৰ আৰম্ভণি

কাৰ্বি আংলং জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আহিছে মামা-মামীসকল ৷ তেওলোকে মেলাস্থলীত সাজিছে অস্থায়ী পঁজাঘৰ ৷ পাহাৰ ভৈয়ামৰ সম্প্ৰীতি দোল গঢ়ি মেলাত অনুষ্ঠিত হব পৌৰাণিক বিনিময় প্ৰথা ৷ ঐতিহাসিক জোনবিল মেলাৰ পতাকা উদ্ধোধন কৰিলে গোভা দেওঁৰজা দ্বীপচিং দেওঁৰজাই ৷

মেলালৈ আগমন ঘটিছে পাহাৰৰ মামা-মামী

আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত জোনবিল মেলাৰ দ্বিতীয় দিনা কাহিলী পুৱাতে সম্পাদিত হব বিনিময় প্ৰথা ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ দ্বিতীয় দিনাই ১৮ গৰাকীকৈ তিৱা ৰজাক মূখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাট্টা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply