ইউ এন এল এফৰ সভাপতি খুংদংবাম পামবেইক সংগঠনৰ পৰা বহিষ্কাৰ Credit: প্ৰতিনিধিত্ব মূলক ছবি

নিউজ ডেস্ক: মণিপুৰৰ বিদ্ৰোহী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ মণিপুৰ অৰ্থাৎ ইউ এন এল এফৰ সভাপতি খুংদংবাম পামবেইক সংগঠন বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ কৰিছে।

যোৱা ১৫ ফেব্ৰুৱাৰীত নেইনা ছাঙৰ নামৰ ঠাইত থকা সংগঠনটোৰ জেনেৰেল হেডকোৱাৰ্টাৰ অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইউ এন এল এফৰ ফালৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাত জনোৱা হৈছে যে সভাপতি খুংদংবাম পামবেইয়ে সংগঠনৰ অনুশাসন আৰু গোপনীয়তা ভংগ কৰাৰ লগতে শত্ৰুপক্ষকো তথ্য সৰবৰাহ কৰা কাৰ্যত জড়িত আছে |

ইয়াৰ লগতে সংগঠনৰ বিভিন্ন স্তৰৰ কেডাৰৰ মাজত বিভাজন সৃষ্টি কৰা কামতো জড়িত আছিল।এই অভিযোগৰ ভিত্তিত চলোৱা তদন্তৰ অন্তত সভাপতি গৰাকীক জড়িত থকা তথ্য লাভ কৰে |

তাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী সংগঠনটোৰ সভাপতি গৰাকীৰ সাধাৰণ পৰিষদৰ বৈঠকত সংগঠন পৰা চিৰদিনৰ বাবে বহিষ্কাৰ কৰা কথা ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply