চামগুৰি – নিজৰ অপূৰ্ব সৃষ্টিৰাজিৰ জৰিয়তে নিজৰ নাম ‘ইণ্ডিয়া বুক অফ ৰেকৰ্ড’ত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ এগৰাকী শিল্পী। চামগুৰি শিঙীয়া কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পী গৰাকীয়ে লক ডাউনৰ মাজতেই ১ ফুট বৰ্গাকাৰ আৰু ১ ফুট ২ ইঞ্চি উচ্চতাৰ সাতখলপীয়া এখন ক্ষুদ্ৰতম সিংহাসন থুজা কাঠেৰে নিৰ্মাণ কৰিছিল।
বিপুল কুমাৰ বৰাই নিৰ্মাণ কৰা সিংহাসনত ৪ ভাগ কাছ, ২৮ টা হাতী আৰু ২৮ টা নামসিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰিছিল আৰু ইয়াত যি সমূহ নামসিংহ সংলগ্ন কৰা আছিল সেইসমূহ মাত্ৰ ১ ইঞ্চি উচ্চতাৰ আছিল। লক ডাউনৰ সময়ছোৱাত নিৰ্মাণ কৰা এই সিংহাসনখনে বিশেষ চৰ্চা লাভ কৰিছিল।
ইয়াৰ পৰিবৰ্তে আন একাংশই এইখন সিংহাসনেই আটাইতকৈ ক্ষুদ্ৰতম সিংহাসন বুলি দাবী কৰিছিল। এতিয়া এইখন সিংহাসনে ক্ষুদ্ৰতম সিংহাসন বুলি স্বীকৃতি লাভ কৰাৰ পৰিবৰ্তে বিপুল কুমাৰ বৰাই এইখন সিংহাসন নিৰ্মাণ কৰি নিজৰ নাম ‘ইণ্ডিয়া বুক অফ ৰেকৰ্ড’ত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
এই খবৰ বিয়পি পৰাৰ লগে লগে চামগুৰিত এতিয়া উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। আনহাতে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া এতিয়া বিপুল কুমাৰ বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ এই সাফল্যৰ বাবে তেওঁৰক আদৰণি জনোৱা পৰিলক্ষিত হৈছে।