লখিমপুৰ– নিজৰ অভাৱনীয় প্ৰতিভাৰে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ লালুকৰ ৰতনপুৰৰ ৰীতামণি বৰাই। অসমীয়া ভাষাত ক্ষুদ্ৰতম গল্প কিতাপ লিখি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত স্থান লাভ কৰিছে যুৱতীগৰাকীয়ে।

এই কিতাপখনৰ জোখ হৈছে ৩ইঞ্চি X ২ ইঞ্চি। ৫৬ পৃষ্ঠাৰ এই কিতাপখনত আছে তিনিটা গল্প। এই ক্ষুদ্ৰতম কিতাপখনৰ শিৰোনাম হৈছে ‘স্পৰ্শ’।
ৰীতামণি বৰা লখিমপুৰৰ ৰতনপুৰৰ নিবাসী লক্ষীৰাম বৰা আৰু পদুমী বৰাৰ কন্যা। তেওঁ বৰ্তমান উত্তৰ লখিমপুৰ মহাবিদ্য়ালয়ত স্নাতক কলা শাখাত দৰ্শন বিভাগত অনাৰ্ছ হিচাপে লৈ পঞ্চম ষান্মাসিকত অধ্যয়ন কৰি আছে।