গুৱাহাটীঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণৰ কণ্ঠক পথ দেখুৱাৰ উদ্দেশ্যে কংগ্ৰেছে আজি তৃতীয়দিনাও সমগ্ৰ অসমব্যাপী মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্রেছৰ জ্যেষ্ঠ নেতৃত্বৰ লগতে অসমবাসীয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষ প্ৰশ্ন কৰিছে-“ইন্ধনৰ ইমান মূল্যবৃদ্ধিৰ পিছতো কিয় তেওঁলোকে নিমাত হৈ আছে?”

সোনোৱাল চৰকাৰে সৃষ্টি কৰা অৰ্থনৈতিক অসমানতাই শেষ নহয়, তেওঁলোকে জনসাধৰণক পেট্ৰ’ল-ডিজেলৰ অধিক মূল্যৰ বোজা কঢ়িয়াবলৈ বাধ্য কৰাইছে।

গহপুৰত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু কেম্পেইন কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নেতৃত্ব প্ৰদান কৰে।

কংগ্রেছ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়া

বৰপেটাৰ হাউলীত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ আব্দুল খালেকে নেতৃত্ব প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত LPG চিলিণ্ডাৰ দাঙি প্ৰতিবাদী জনতাৰ কণ্ঠক বলিষ্ঠ ৰূপ দিয়ে। কংগ্রেছ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়াই শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী পেট্ৰ’ল পাম্পৰ সন্মুখত ৰূপায়িত কৰা প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে, য’ত প্ৰতিবাদী জনতাই শাসনাধীষ্ঠ চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

বৰপেটাৰ হাউলীত কংগ্রেছৰ প্ৰতিবাদ

নিষ্ঠুৰ বিজেপি চৰকাৰে দুখ-দুৰ্দশালৈ ঠেলি দিয়া অসমৰ সাধাৰণ জনতাৰ বলিষ্ঠ প্ৰতিবাদী কণ্ঠই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰৰ আৰু বেছি দিন নাই। এই প্ৰতিবাদী জনতাৰ আন্দোলন মাত্ৰ আৰম্ভণিহে।

আনহাতে আজি কাছাৰৰ কালাইন বজাৰ পেট্ৰ’ল পাম্পৰ সন্মুখত নিখিল ভাৰত মহিলা কংগ্রেছ কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱৰ নেতৃত্বত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাতে ৰূপায়িত হোৱা সাধাৰণ জনতাৰ এই অবিৰত প্ৰতিবাদী কাৰ্যসূচীৰ একত্ৰিত বলিষ্ঠ কণ্ঠই আগন্তুক নিৰ্বাচনত এক যোগ্য প্ৰত্যুত্তৰ দিব।অসমবাসী এইবাৰ জনবিৰোধী বিজেপি চৰকাৰৰ পৰা মুক্তি পাব বুলি সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply