গুৱাহাটী – ইভিএম মেচিনৰ সলনি বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ। আগন্তক ২০২১ বর্ষৰ অসম বিধানসভাৰ নিৰ্বাচন বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদত বহিল ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ কেইবা শতাধিক কর্মী। কাঁহী-বাতি বজাই প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে লাষ্ট গেট।

কাঁহী-বাতি বজাই প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে লাষ্ট গেট

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় তথা অন্তিম দিনা লাষ্ট গেট উত্তাল কৰিলে ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলে। লাষ্ট গেটৰ প্ৰতিবাদস্থলীত কাঁহী-বাতি বজাই আকাশ-বতাহ উত্তাল কৰি তোলে ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰতিবাদকাৰী সকলে। ইভিএম মেচিনৰ সলনি বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে কেইবাটাও দাবী লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ।

লাষ্ট গেটৰ প্ৰতিবাদস্থলীত কাঁহী-বাতি বজাই আকাশ-বতাহ উত্তাল

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন চৰকাৰ বিৰোধী সম্বলিত শ্ল’গান লিখা প্লে-কাৰ্ড লৈ আৰু চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ সভাপতি ললিত পেগুয়ে কয় যে আগন্তক ২০২১ বর্ষৰ অসম বিধানসভাৰ নিৰ্বাচন ইভিএম মেচিনৰ সলনি বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত কৰিব লাগে। ইয়াৰ সমান্তৰালে কেন্দ্ৰ চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইন বাতিল কৰিব লাগে।

বিধানসভাৰ নিৰ্বাচন ইভিএম মেচিনৰ সলনি বেলট পেপাৰ

ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবীও জনায় প্ৰতিবাদস্থলীৰ পৰা। ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে সমাধান নহ’লে আগন্তক দিনত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply