নিউজ ডেক্স:- উগ্ৰপন্থী দমনৰ নামত নিযুক্তি দিয়া অসম বিশেষ আৰক্ষী বিষয়া সকলে স্থায়ী সংস্থাপনৰ বাবে কৰি অহা সংগ্ৰামে আৰু এটা বছৰ পাৰ হ’ল | পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈকে কোনো চৰকাৰেই তেওলোকৰ দাবীক গুৰুত্ব সহকাৰে নললে | যি সময়ত অসমৰ পাৰ্বত্য জিলা কেইখনত উগ্ৰপন্থীৰ কাৰ্যকলাপে গ্ৰাস কৰি আছিল সেই সময়ত ৰাজ্য চৰকাৰে এই সকল এছ পি অ’ ক উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পূৰ্ণ প্ৰশিক্ষণ দি কামত লগাইছিল |

লামডিং শিলচৰ ব্ৰডগজ লাইন , চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা সময়ত এইসকল এছ পি অ’ই বিশেষ ভাবে সুৰক্ষা দি উগ্ৰপন্থীৰ বাবে আধাতেই কাম বন্ধ কৰি থোৱা কাম সম্পূৰ্ণ কৰাত বিশেষ ভূমিকা লৈছিল | এই কাৰ্য কৰিবলৈ যাওতে বহুজন উগ্ৰপন্থীৰ গুলীত মৃত্যুক আঁকোৱালী লব লগা হৈছিল | সেই সকলকো শ্বহীদৰ স্বীকৃতি আজিলৈকে নিদিলে চৰকাৰে | পাহাৰীয়া অঞ্চলটোত কাম কৰি থকা সময়ত বহুজনে বেমাৰৰ সন্মুখীন হৈও মৃত্যুক সাবতিব লগা হয় | কামৰূপ মেট্ৰৰ বিৰাজ দাস নামৰ লোক জনে উগ্ৰপন্থীৰ গুলী খাই আজি হুইল ছিয়াৰত জীৱন কটাব লগা হৈছে |

অসম বিশেষ আৰক্ষী বিষয়াৰ পাপ্যৰ বাবে প্ৰতিবাদ

এই এছ পি অ’ সকলক অঞ্চলটোত উগ্ৰপন্থীৰ কাম কাজ প্ৰায় নাইকীয়া হৈ পৰাৰ ফলত তেওলোকৰো কাম কাজ নাইকীয়া হৈ পৰে | তেওলোকক কি কৰিব তাক লৈ নিযুক্তি দিয়া কংগ্ৰেছ চৰকাৰে গুৰুত্বই নিদিলে | যাৰবাবে ৰাজপথলৈ নামিবলৈ বাধ্য হ’ল এছ পি অ’ সকল | প্ৰথম অবস্থাত আন্দোলনৰ ভয়ানক ৰূপ দেখি চৰকাৰে কিছু আলোচনা আগবঢ়াইছিল | ২০১২ চনত স্থায়ী সংস্থাপনৰ বাবে গঠন কৰা তৃতীয় এ এছ আৰ এফ বেটেলিয়ানৰ কাম ২০১৮ চনত সম্পূৰ্ণ ৰূপে বন্ধ কৰে | সেই সময়ত তৃতীয় এ এছ আৰ এফৰ বাবে স্বাক্ষৰ কৰা জ্ঞানেন্দ্ৰ দেব ত্ৰিপাঠী আই পি এছ অজিত প্ৰসাদ ৰাউত চুক্তি এতিয়া অসাৰ |

কংগ্ৰেছ চৰকাৰে এনেদৰেই জোৰাতাপলি মাৰি এই এছ পি অ’ সকলক লৈ হেতালী খেলাৰ পিছত আহিল বিজেপি চৰকাৰ , সেই চৰকাৰ খনেও বহু প্ৰতিশ্ৰুতি দিলে | মুখ্যমন্ত্ৰীৰ সৈতেও বহুবাৰ চেষ্টা কৰিও নাপালে সাক্ষাৎ |

দেশ মাতৃৰ কাৰণে উগ্ৰপন্থীৰ সন্মুখলৈ পঠিওৱা এইসকল এছ পি অ’ক যোৱা সময়চোৱাত কিয় অসম আৰক্ষীত নিযুক্তি নিদিলে তাৰ উত্তৰ আজিলৈকে নিদিলে ৰাজ্য চৰকাৰে | উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিবৰ বাবে তেওলোকক সকলোধৰণৰ প্ৰশিক্ষণ দিছিল , তাৰ পিছতো সদৌ অসম বিশেষ আৰক্ষী বিষয়া সকলে আজি পেটত গামোচা মাৰিব লগা অবস্থা হৈছে | ইয়াৰ উত্তৰ বিচাৰি থাকোতেই আৰু এটা বছৰ পাৰ হ’ল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply