নিউজ ডেস্ক: অবশেষত উচ্চতম ন্যায়ালয়ে অহা ১১ ফেব্ৰুৱাৰীত গ্ৰহণ কৰিব অখিল গগৈৰ জামিন আৱেদনৰ শুনানি। ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমান্না আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অখিল গগৈৰ জামিন। ২০১৯ৰ ডিচেম্বৰত গোচৰ নম্বৰ SLP (Crl) No 1050/2021ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। তাৰপাছত এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল অখিল গগৈক।
এন আই এ-য়ে ইতিমধ্যে ন্যায়ালয়ত দাখিল কৰিছে অভিযোগনামা। অখিল গগৈ যোৱা প্ৰায় এবছৰ ধৰি জেলত আছে | শাৰিৰীক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত
চিকিৎসাধীন হৈ আছে | জেলত থকা সময়চোৱাতে অখিল গগৈক নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল ৰাইজৰ দলৰ সভাপতি হিচাবে নিৰ্বাচিত কৰিছিল | কা আন্দোলনে ভয়াবহ ৰূপ লোৱাৰ সময়তে অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল |