গুৱাহাটী– উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী বৃহস্পতিবাৰে প্ৰকাশ কৰা হয়। ১১মে’ৰ পৰা আৰম্ভ হ’ব এইবাৰৰ পৰীক্ষা। বিয়লি ১বাজি ৩০মিনিটৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
এইবাৰ ২লাখ ৪৯হাজাৰ ৩৯৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত। পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা।
আনহাতে এইবাৰ বৃদ্ধি কৰা হৈছে ২০টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ।