নিউজ ডেস্ক– ৰাজ্য চৰকাৰে যি সময়ত মাটি নথকা লোকক মাটিৰ পট্টা প্ৰদান কৰিছে সেই সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিআৰত উচ্ছেদ অভিযানৰ বাবে দিছে ৰায়দান। বড়ো অধ্যূষিত অঞ্চলত থাকিব নোৱাৰিব কোনো অন্য মানুহ।
প্ৰদ্যুত কুমাৰ নামৰ এজন ব্যক্তিয়ে দাখিল কৰা পি আই এলৰ ভিত্তিতে এই ৰায়দান দিছে ন্যায়ালয়ে । ২৫ জানুৱাৰীত এই ৰায়দান দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
সদ্য সমাপ্ত বিটিআৰ নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিআৰৰ চাৰি জিলাত সকলো মানুহৰ বাবে মাটি কিনা বেচা কৰিব পাৰিব বুলি কোৱাৰ পিছত ন্যায়ালয়ৰ এই ৰায়দানে বিপৰীত দিশটোহে দাঙি ধৰিছে।