গুৱাহাটী – গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ। জামিন নাকচ হোৱাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈৰ সমৰ্থক সকলে। হাতে হাতে প্লেকাৰ্ড লৈ অখিল গগৈৰ মুক্তি দাবী জনায় সমৰ্থক সকলে। আৰক্ষীয়ে আটক কৰিলে প্ৰতিবাদকাৰী সকলক।

“কা” বিৰোধী আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্বত লোৱা কৃষক নেতা অখিল গগৈৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান প্ৰদান কৰি অখিল গগৈৰ জামিন নাকচ কৰে।

উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰাৰ পিছতে অখিল গগৈৰ একাংশ সমৰ্থকে ন্যায়ালয়ৰ সন্মুখত অখিল গগৈৰ মুক্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লেকাৰ্ড লৈ অখিল গগৈৰ সমৰ্থক সকলে অখিল গগৈৰ মুক্তিৰ দাবী জনায়।

কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা অখিল গগৈৰ সমৰ্থক সকলক আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। অখিল গগৈৰ বিৰুদ্ধে থকা কেইবাটাও গোচৰ সন্দৰ্ভত ইতিমধ্যে কৃষক নেতা গৰাকীয়ে জামিন লাভ কৰিছে যদিও চান্দমাৰী থানাৰ ৩০/২০১৯ নম্বৰ গোচৰ সন্দৰ্ভত অখিল গগৈৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply