প্ৰলয়ংকাৰী বানত সন্ধানহীন ১৫০ৰো অধিক

নিউজ ডেস্ক– উত্তৰাখণ্ডত জলপ্ৰলয়ৰ ঘটনাত অসমৰ দুজন যুৱক সন্ধানহীন ৷ কামপুৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই যুৱক সন্ধানহীন ৷ কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কমল দাস ৷ পৰিয়ালৰ লোকক ফোনযোগে এই সম্পৰ্কে জনোৱাৰ পাছত ঘৰখনত কান্দোনৰ ৰোল উঠিছে ৷ অধিক যোগাযোগৰ চেষ্টা চলাই আছে যুৱক দুজনৰ সম্পৰ্কে একো খবৰ এতিয়ালৈকে পোৱা নাই |

দেওবাৰে উত্তৰাখণ্ডৰ চাম’লী অঞ্চলত হিমবাহৰ ফলত সৃষ্টি হয় প্ৰলয়ংকাৰী বানপানী । এই দুৰ্যোগত ঋষিগংগা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঋষিগঙ্গা বিদ্যুৎ প্ৰকল্পত কাম কৰা প্ৰায় ১৫০ জন শ্ৰমিক সন্ধানহীন হৈ আছে। এতিয়ালৈকে ৩ টা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷ ঋষিগঙ্গাৰ এটা সুৰংগৰ ভিতৰত আৱদ্ধ কমেও ৫০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনাত অলকানন্দা নদীৰ ওপৰত থকা ঋষিগঙ্গা নদীবান্ধৰো ক্ষতিগ্ৰস্ত হয়।

বানপানীৰ ফলত যোশীমঠ-মালৰী দলং ভাঙি পৰাত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ বহু ঘৰ উটি যোৱাত নদীৰ কাষৰ বহুতো গাঁৱৰ আৱাসীক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। গংগা নদীৰ কাষৰ অঞ্চল বাবে চুবুৰীয়া উত্তৰ-প্ৰদেশতো এক সতৰ্কতা জাৰি কৰা হৈছে। সীমান্তবাহিনীৰ ২৫০ ৰো অধিক কৰ্মীয়ে উদ্ধাৰ কাৰ্য চলাই আছে।

ইতিমধ্যে তাপোৱন সুৰঙ্গৰ ভিতৰত আৱদ্ধ হৈ থকা ১৬জন শ্ৰমিকক উদ্ধাৰ কৰিছে আইটিবিপিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply