গুৱাহাটী– চাহৰ লগত বিস্কুট খোৱাটো প্ৰায় সকলোৰে অভ্য়াস। কিন্তু এইবাৰ আপুনি বিস্কুট নহ’লেও চাহ খাব পাৰিব। কাৰণ চাহখোৱা কাপটোৱেই আপোনাক পূৰণ কৰিব বিস্কুটৰ প্ৰয়োজনীয়তা। গুৱাহাটীৰ এখন বিশেষ ট্ৰি ষ্টলত কাগজ-প্লাষ্টিকৰ গ্লাছৰ পৰিৱৰ্তে এইবাৰ চাহ পৰিৱেশন কৰিব পাৰিব এক বিশেষ কাপত। যিটো কাপ আপুনি পেলাই দিয়াৰ পৰিৱৰ্তে খাবও পাৰিব। গুৱাহাটীৰ ‘এৰমিকা ট্ৰি’ নামৰ জনপ্ৰিয় চাহ ষ্টলখনৰ গৰাকী ৰঞ্জিত বৰুৱাই লৈছে বিশেষ পদক্ষেপ।
সাধাৰণতে চাহৰ ষ্টলসমূহত ব্য়ৱহাৰ কৰা প্লাষ্টিক বা কাগজৰ গ্লিলাছ সমূহে আৱৰ্জনাৰ সৃষ্টি কৰে। এই আৱৰ্জনা দূৰ কৰিবলৈ ৰঞ্জিত বৰুৱাই লৈছে এই পদক্ষেপ।

‘দ্য় এৰ’মিকা’ ই উত্তৰ-পূবলৈ প্ৰথমবাৰৰ বাবে আনিছে এনে কাপৰ ব্য়ৱহাৰ। জানুৱাৰীৰ ১০ তাৰিখে গুৱাহাটী পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত ৰঞ্জিত বৰুৱাই মুকলি কৰিছে ‘Chai-biscuit’ ৰ combination। কাৰণ এই চাহকাপ আপুনি বিস্কুট নোহোৱাকৈয়ো খাব পাৰিব। চাহ পৰিৱেশন কৰা এই বিশেষ কাপসমূহ তৈয়াৰ কৰা হৈছে মাকৈ, ময়দা, চয়াবিনৰ বীজ, চয়াবিনৰ আটা, ৰিফাইন তেল আৰু বেকিং পাউদাৰে।
চাহ দিয়া এই বিশেষ কাপ সমূহ ইলাচী আৰু চকলেট এই দুটা সোৱাদতে উপলব্ধ হ’ব।চকলেট আৰু ইলাচী যিকোনো সোৱাদৰে ৬০ মি.লি একাপ চাহৰ মূল্য় হ’ব ৬০টকা আৰু ১১০মি.লি একাপ চাহৰ মূল্য় ১০০টকা।