মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ

মাৰ্ঘেৰিটা– বিগত কেইবামাহো ধৰি বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা পুনৰ খোলাৰ দাবীত বুধবাৰে পুনৰ সৰৱ হৈ পৰিল পুৰ্বোত্তৰ খাদান মজদুৰ সংঘৰ কৰ্মচাৰীৰ লগতে এঘাৰটাকৈ জাতীয় সংগঠন।

উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত এক তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা খোলাৰ দাবী জনায়।

শ্ৰমিক সংগঠন ভাৰতীয় মজদুৰ সংঘৰ লগতে গোৰ্খা ছাত্ৰ সন্থাইও উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সহযোগ আগবঢ়াই। বন বিভাগৰ একাংশ বিষয়াৰ লগতে উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ মেনেজমেণ্টৰ হেমাহীৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উদ্যোগ প্ৰতিষ্ঠানটো বন্ধ হৈ থকা বুলি অভিযোগ তুলি অনতিপলমে কাৰ্যক্ষম কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিষ্ঠানটোৰ অধীনস্থ শ্ৰমিক সংগঠন সমূহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply