বঙাইগাঁও: বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা “ৰাখাল দাসগুপ্তক বঙাইগাৱত অনুষ্ঠিত এক অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ ফালৰ পৰা স্মৰণ কৰে |
“ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাসত এক মাইলৰ খূটি স্বৰূপ যাৰ অবিহনে ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাসত তেখেতৰ ৮৮ বছৰীয়া জীৱনকালত তেওঁ ভাৰতীয় ৰেলৰ ট্ৰেড ইউনিয়নক দিকদৰ্শন কৰাৰ লগতে ৰেল ইউনিয়নক এক মজবুত স্থিতিলৈ লৈ গৈছিল ,” এই মন্তব্য আগবঢ়াই উত্তৰ পূৱ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে ৷ উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়ন উদ্যোগত ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামে বঙাইগাঁওৰ প্ৰিয় গুপ্ত মেমোৰিয়েল হ’লত আয়োজন কৰা ‘স্মৃতি দিৱস’ৰ সভাত আজিৰ যুৱ প্ৰজন্মক ৰাখাল দাসগুপ্তৰ আদৰ্শৰ পথেৰে বাট বুলিবলৈ আহ্বান জনায় ৷

আজিৰ এই স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভাপতি দ্বীপেন বৰাৰ দ্বাৰা ৷ ইয়াৰ পিছতে প্ৰস্তাৱিত ৰাখাল দাসগুপ্ত মেমোৰিয়েল সংগ্ৰহালয় তথা পুথিভঁৰালৰ আনুষ্ঠানিক উন্মোচন আৰু বন্তি প্ৰজ্বালন কৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ৰঙিয়া সংমণ্ডলৰ উপ মাণ্ডলিক প্ৰৱন্ধক অৰিন্দম লাইয়ে ৷ ইয়াৰ পিছতেই ৰাখাল দাসগুপ্ত মেমোৰিয়েল প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মনে ৷
ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফেডাৰেচনৰ সভাপতি ড. পি কে ধৰে ৷ এই সভাত অৰিন্দম লাই, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মূখ্য যান্ত্ৰিক অভিযন্তা (O&F) বিমল টপ্পো, নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ সহ মূখ্য চিকিৎসা বিষয়া অজয় ৰায়, ৰমণী বৰ্মন, অধিবক্তা জয়শ্ৰী বৰুৱা, মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা চুচেন হাজৰিকা, এমপ্লইজ ইউনিয়নৰ কেন্দ্ৰীয় নেতা প্ৰমোদ কুমাৰ ৰস্তোগী আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ এই অনুষ্ঠানতে ‘শ্ৰদ্ধাজ্ঞলী’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰি ৰমণী বৰ্মনে ৷