যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

উধাৰবন্ধ – কাছাৰ জিলাৰ উধাৰবন্ধত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে ১৫ লাখ নগদ ধনসহ সোণসহ বহু অলংকাৰ।

কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে৷ বৃহস্পতিবাৰে নিশা বন্দুকধাৰী ডকাইতৰ এটা দলে লুটি নিয়ে নগদ ১৫ লাখ টকাসহ সোণৰ আ-অলংকাৰ৷ ঘটনাৰ বিবৰণি মতে পকঞ্চায়ত প্ৰতিনিধি তথা গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ এনাম লস্কৰৰ ঘৰত বন্দুকধাৰী ২৫ জনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰি বন্দুক দেখুৱাই লুটি নিয়ে নগদ ১৫ লাখ টকাসহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ৷

ডকাইতৰ দলটোৱে ঘৰৰ লোক সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে ঘৰৰ ভিতৰত শূন্য লৈ এক ৰাউণ্ড গুলী চালনাও কৰে৷ ঘটনাৰ খৱৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস৷ পৰিস্থিতিৰ বুজ লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰালীয়ে কয় যে আৰক্ষীয়ে ইতিমধ্যে ডকাইতিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply