হাজো – উন্নয়নমূলক কামত গুৰুত্ব নাই একাংশ পঞ্চায়তৰ সভাপতি-সচিবৰ। বিশেষকৈ কামৰূপ জিলাৰ অন্তৰ্গত হাজো বিধানসভা সমষ্টিৰ একাংশ পঞ্চায়তৰ সভাপতি-সচিবৰ কামত ক্ষোভিত হৈ উঠিছে ৰাইজ।
হাজোৰ একাংশ পঞ্চায়তৰ সভাপতি-সচিবৰ উন্নয়নৰ কাম-কাজৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই বুলি অভিযোগ উত্থাপিত হৈছে। হাজো বিধানসভা সমষ্টিৰ ‘শ্বহীদ খগেন ভৰালী পঞ্চায়ত’ৰ উন্নয়নমূলক কামৰ নমুনা দেখি হতভম্ব উচ্চপদস্থ বিষয়া।
শ্বহীদ খগেন ভৰালী পঞ্চায়ত’ত এতিয়াও পঞ্চায়তখনৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭-১৮ বৰ্ষৰ আঁচনিৰ কামেই শেষ হোৱা নাই।কামৰ তদাৰক কৰিবলৈ আহি হতভম্ব হৈ পৰে কামৰূপ জিলাৰ অতিৰিক্ত প্ৰকল্প সঞ্চালিকা। অতি শীঘ্ৰে কামৰ হিচাপ-নিকাচৰ নথি-পত্ৰ লৈ প্ৰকল্প সঞ্চালিকাৰ কাৰ্যালয়ত পঞ্চায়তৰ কৰ্মচাৰীক হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে অতিৰিক্ত প্ৰকল্প সঞ্চালিকা গৰাকীয়ে।
উল্লেখ্য যে, পঞ্চায়তটোৰ বিজেপি দলৰ সভানেত্ৰী গীতাঞ্জলি ভৰালী পঞ্চায়তটোত উন্নয়নৰ কামৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছতে অতিৰিক্ত প্ৰকল্প সঞ্চালিকা উপস্থিত হয় কলিতাকুছি পঞ্চায়তত। পঞ্চায়তটোৰ উন্নয়নৰ কাম-কাজত সঞ্চালিকা গৰাকী সন্তুষ্ট হয় যদিও আধৰুৱা কামসমূহ পূৰ্ণগতিত কৰি নিৰ্বাচনৰ পূৰ্বে শেষ কৰিবলৈ নিৰ্দেশ দিয়ে।