গুৱাহাটী – মৰিগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাক কালি দূৰ্নীতি নিবাৰক শাখাই ধন উৎকোচ লৈ থকা অৱস্থাতে হাতেলোটে ধৰা পেলায়৷ উল্লেখ্য যে মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া আছিল পংকজ বৰাক লগত লৈয়েই কালি দুৰ্নীতি নিবাৰক শাখাই তেওঁৰ ঘৰতো অভিযান চলায় ।
জানিব পৰা মতে পংকজ বৰাই এটা গোচৰৰ বাবে ১০ হেজাৰ টকা দাবী কৰিছিল। এগৰাকী মহিলা নিৰুদ্দেশ সংক্ৰান্তীয় বিষয় লৈ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। কিন্ত নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীৰ বিচৰাৰ নামত ১০ হেজাৰ টকা দাবী কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে।
এই সন্দৰ্ভত ভুক্তভোগী পৰিয়াল টোৱে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাত জনোৱাত সোমবাৰে নগদ ৪ হেজাৰ টকা লওঁতে হাতেলোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই।