উৰুকাত মাংসৰ মূল্যবৃদ্ধিৰ আশংকা

গুৱাহাটী – উৰুকাত মাংসৰ মূল্যবৃদ্ধিৰ আশংকা। বহিঃৰাজ্যৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞাই উৰুকাত মাংসৰ মূল্যবৃদ্ধিৰ আকাংশ বৃদ্ধি কৰিছে।

কৰ’ণা আতংকৰ মাজতে এইবাৰ বাৰ্ড ফ্লু। দেশৰ বেইবাখনো ৰাজ্যত বাৰ্ড ফ্লুৰ আতংকই দেখা দিছে। বাৰ্ড ফ্লুৰ আতংকৰ মাজতে মাঘৰ বিহু। মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থাকোতে বাৰ্ড ফ্লুৰ আতংকই উৰুকাৰ বজাৰত মাংসৰ মূল্যবৃদ্ধিৰ আশংকা বৃদ্ধি কৰিছে।

বাৰ্ড ফ্লুৰ বাবেই ইতিমধ্যে ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা কুকুৰাৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। উৰুকাৰ পূৰ্বে বহিঃৰাজ্যৰ কুকুৰা আমদানিৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাই মাংসৰ মূল্যবৃদ্ধিৰ আশংকা দেখা দিছে।

বহিঃৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানিত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাত উৰুকাৰ বজাৰত একাংশ দুষ্ট চক্ৰই মাংসৰ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনাই দেখা দিছে। উৰুকাৰ সময়ত যাতে কোনো দুষ্ট চক্ৰই মূল্যবৃদ্ধি কৰিব নোৱাৰে ইয়াৰ বাবে ৰাজ্য চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply