উৰুকাৰ দিনাই চুলাইৰ ঘাটিয়ে ঘাটিয়ে আবকাৰী বিভাগ

গুৱাহাটী – ৰাজ্যজুৰি ভোগালী বিহুৰ প্ৰস্তুতি। ইয়াৰ মাজতে ব্যস্ততাৰ অন্ত নাই আবকাৰী বিভাগৰ। পুৱাৰ পৰাই চুলাইৰ ঘটিয়ে ঘাটিয়ে আবকাৰী বিভাগ। চুলাইৰ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে দুজনকৈ চুলাই ব্যৱসায়ীক।

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটীতো চলিছে ভোগালীক আদৰি অনাৰ ব্যাপক প্ৰস্তুতি। বুধবাৰে উৰুকা উপলক্ষে বজাৰে বজাৰে পছন্দৰ মাছ আৰু মাংস বিচাৰি মহানগৰীবাসীৰ ভিৰ। মহানগৰবাসী ভোগালীকলৈ ব্যস্ত হৈ থকাৰ মাজতে আবকাৰী বিভাগ ব্যস্ত চুলাইৰ ঘটিত।

বুধবাৰে পুৱাৰ ভাগৰে পৰা আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন অঞ্চলত চলালে চুলাই বিৰোধী অভিযান। আবকাৰী বিভাগে চুলাই বিৰোধী অভিযান চলাই চুলাইৰ ঘাটি উৎখাত কৰাৰ লগতে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চুলাই।

অবৈধ চুলাই ব্যৱসায়ৰ বিৰুদ্ধে আবকাৰী বিভাগ সৰৱ হৈ পাণ্ডু আৰু মালিগাঁও অঞ্চলত অভিযান চলায়। আবকাৰী বিভাগে অবৈধ চুলাই ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই জচিম আলী আৰু গুড্ডু বৰ্মা নামৰ দুজন চুলাই ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে। অনাগত দিনত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আবকাৰী বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply