গুৱাহাটী – উৰুকাৰ দিনাই প্ৰাপ্য বিচাৰি কভিড যোদ্ধাৰ প্ৰতিবাদ। দৰমহা বিচাৰি প্ৰতিবাদ কৰিব লগা হ’ল কভিদৰ বিপক্ষে যুঁজত নিয়োজিত একাংশ স্বাস্থ্যবিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী। প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত অভিযানৰ অন্তৰ্গত অসমৰ চৰকাৰী হস্পিতাল সমূহত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে বিগত ৫ মাহ ধৰি বঞ্চিত হৈ আছে দৰমহা পৰা।
ৰাজ্যজুৰি ভোগালীৰ উখল মাখল পৰিৱেশৰ মাজতে দৰমহা বিচাৰি কভিড যোদ্ধা সকলৰ প্ৰতিবাদ। দমহা আৰু চাকৰিৰ সুৰক্ষা বিচাৰি ষ্টেট ন’ডেল চেলৰ কাৰ্যালয়লৈ যোৱা আয়ুস্মান মিত্ৰ সকল বিগত সময়ছোৱাত স্বাস্থ্য বিভাগৰ ষ্টেট ন’ডেল চেলৰ কৰ্মচাৰী সকলে চৰম দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উথাপিত হৈছে। সেয়ে ক্ষোভিত কৰ্মচাৰী সকলে মহানগৰীৰ ছয় ষ্টেট ন’ডেল চেলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল যদিও স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পিছত তেওঁলোকে পুনৰ আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি চৰকাৰী চিকিৎসালয় সমূহত কৰ্মত নিয়োজিত হৈছিল।
উল্লেখযোগ্য যে, চৰকাৰী হস্পিতালত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক দৰমহাৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে আশ্বৰ্য্যজনকভাৱে অভিযোগ উঠিছে যে, ব্যক্তিগত হস্পিতালত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক প্ৰদান কৰা হৈছে তিনিমাহৰ দৰমহা।
ইফালে কভিড যোদ্ধা সকল নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। কভিড যোদ্ধাক লৈ বিজেপি চৰকাৰখন উদাসীন বুলি মন্তব্য প্ৰকাশ কৰিছে ৰিপুন বৰাই। বিহুৰ পূৰ্বে কভিড যোদ্ধা সকলক দৰমহা দিব নোৱাৰাটো দুৰ্ভাগ্যক বুলিও মন্তব্য প্ৰকাশ কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৰিপুন বৰাই।