উৰুকাৰ দিনা নগাঁৱত পথ দুৰ্ঘটনা

নগাঁও – উৰুকাৰ দিনা নগাঁৱত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নগাঁৱৰ নলতলী ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। পথৰ পৰা দ খাৱৈত বাগৰি পৰিল তামোল ভৰ্তি টাটা মবাইল গাড়ী।

বুধবাৰে ৰাজ্যবাসী উৰুকাৰ নিশা এসাজ খোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতে নগাঁও জিলাৰ নলতলীত ৰাজ্যিক ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দূৰ্ঘটনা। বৰুণগুৰিত শিলঘাট-ধিং মথাউৰিত তামোল ভৰ্তি টাটা মবাইল গাড়ী এখন বাগৰি পৰে দ খাৱৈত।

প্ৰায় ২০ ফুট তলত টাটা মবাইল গাড়ীখন বাগৰি পৰে যদিও গাড়ীৰ চালকজন ৰক্ষা পৰে। ভয়াবহ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে গাড়ীখনৰ চালকজন। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ-১২-ই-৯১১১১। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply