নাজিৰা– সমগ্ৰ ৰাজ্যতে ভোগালী বিহু আদৰাক লৈ ৰাজ্যবাসী আনন্দত আত্মহাৰা হৈ থকা সময়তে শিৱসাগৰ জিলাৰ নাজিৰাত নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল আশা কৰ্মী৷ অসম চৰকাৰে ঘোষণা কৰা ২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে দিবলগীয়া বকেয়া ধনৰাশি অতি শীঘ্ৰে মোকলাই দিয়াৰ দাবী কৰি নাজিৰাৰ মাজমজিয়াত আশা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি তথা আনন্দ মুখৰ পৰিবেশ হৈ পৰিছে, তেনে সময়তে নিজৰ নায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদত বহিব লগা হৈছে নাজিৰাৰ আশা কৰ্মী সকল।
NHM ৰ আন আন কৰ্মচাৰী সকলৰ দৰে আশাকৰ্মী সকলকো অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দাবী জনাই নাজিৰাৰ আশাকৰ্মী সকল ৷
আশাকৰ্মী সকলক উপযুক্ত মজুৰী প্ৰদান কৰাৰ লগতে ২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে দিবলগীয়া বকেয়া ধনৰাশি অতি শীঘ্ৰে মুকলাই দিয়া জনাই প্ৰতিগৰাকী আশাকৰ্মীৰ নামত অটল অমৃত আৰু আউস্মান ভাৰত নামৰ চিকিস্যা জাননী কাৰ্ড দুখন অতি শীঘ্ৰে প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ।
৬০ বছৰ বয়সৰ উদ্ধৰ্ত কাম কৰা আশাকৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়। এই দাবী সমূহৰ লগতে ন্যায্য প্ৰাপ্তিৰ বাবে সোমবাৰৰ পৰা নাজিৰাত প্ৰতিবাদত বহিল আশা কৰ্মী সকল ৷