উৰুকা নিশা বোকাখাতত পথ দুৰ্ঘটনা

বোকাখাত: উৰুকাৰ সন্ধিয়া বোকাখাতৰ লখৌজানত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ বোকাখাতৰ দিশে আহি থকা AS 11 DC 8522 নম্বৰৰ ডাম্পাৰখনে গুৱাহাটীৰ পৰা নাজিৰালৈ গৈ থকা AS 04 X 6511 নম্বৰৰ এক্সইউভিখনত মুখামুখিকৈ খুন্দা মাৰে ৷

ডাম্পাৰখন পাছত আহি থকা AS 18 B 4422 নম্বৰৰ ই’নভাখনে ডাম্পাৰৰ পিছফালে খুন্দা মাৰে ৷ ই’নভাখনৰ ক্ষতি হ’লেও যাত্ৰীসকলৰ কোনো আঘাটপ্ৰাপ্ত হোৱা নাই৷

কিন্তু একে পৰিয়ালৰ দুটি শিশুসহ আঠজন লোক থকা এক্সইউভিখনত থকা তিনিজন লোক আহত হয় ৷ আহত লোককেইজন বোপাৰাম বৰগোঁহাই (৬৭), বিদিত সন্দিকৈ (৩২) আৰু পঙ্কজ বৰগোঁহাই (৩৫) ৷

আহত কেইজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ গুৰুতৰভাৱে আহত বোপাৰাম বৰগোঁহাই আৰু বিদিত সন্দিকৈক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply