গৌৰীপুৰ – শিলচৰৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধবনিৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিতৰ্ক হৈ থকাৰ সময়তে গৌৰীপুৰত এখন দলীয় সভাত অংশ লৈ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকে ঘটনাৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকা বুলি অভিযোগ কৰে।ধুবুৰী জিলা কমিটীৰ উদ্যোগত ২৪নং গৌৰীপুৰ সমষ্টি ভিত্তিক AIUDF দলৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয় ‘শিলচৰৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধবনিৰ অন্তৰালত আছে ৰাজনৈতিক ষড়যন্ত্ৰ । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ভয়ত হিমন্ত বাহিনী শংকিত হৈ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ ধৰ্মীয় মেৰু বিভাজনৰ নিকৃষ্ট ৰাজনীতিত নামি পৰিছে ।’
এই সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধেও সৰৱ হৈ পৰে বিধায়ক গৰাকী।বিধায়ক গৰাকীয়ে কয়,’সাংসদ বদৰুদ্দিন আজমলে অসমৰ সকলো জাতি গোষ্ঠীৰ মানুহৰ হিতাৰ্থে কাম কৰি আহিছে।কিন্তু হিমন্তই অসমখনত অশান্তিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা চলাইছে।’
সভাত বিধায়ক গৰাকীয়ে অসমৰ চৰচাপৰিবাসীৰ সমস্যাৰ বিষয়েও উত্থাপন কৰে। লগতে তেওঁ এআইইউডিএফে মিঞা সংগ্ৰাহলয় নিবিচাৰে বুলি স্পষ্ট মন্তব্য কৰে।
ওমৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত মূখ্য অতিথি হিচাপে উপস্থিতি থাকে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মুফতি আব্দুল হক, নাওবৈছা সমষ্টিৰ বিধায়ক মামুন এমদাদুল হক ,ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ লগতে AIUDF ৰ কৰ্মীসকল।