টীয়কৰ সোণাৰী মিচিং গাঁৱত নাই আলি আয়ে লৃগাঙৰ উছাহ Credit: ইষ্ট ম'জ'

টিয়ক– মিচিং জনজাতীয় লোকসকলে আজিৰ দিনটোত উদযাপন কৰিছে তেওঁলোকৰ হেপাহৰ উৎসৱ আলি আয়ে লৃগাং। কিন্তু এইখন অসমৰে এখন গাঁৱত নাই আলি আয়ে লৃগাঙৰ উছাহ। বিগত ১১ ফেব্ৰুৱাৰিত টীয়কৰ সোণাৰী মিচিং গাঁৱত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ জাহ জোৱা বাবে এইবাৰ গাঁৱখনৰ জনসাধাৰণে আলি আয়ে লৃগাং উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পৰিৱৰ্তে সোণাৰী মিচিং গাঁৱৰ জনসাধাৰণে হাতে হাতে দা, কোৰ লৈ গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰে।

উল্লেখযোগ্য যে, পূৰ্বে সোণাৰী মিচিং গাঁৱৰ ৰাইজে দুদিনীয়া কাৰ্য্যসূচীৰে আলি আয়ে লৃগাং অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও বিগত ১১ ফেব্ৰুৱাৰীত গাঁও খনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত চাৰিটাকৈ বাসগৃহ ভষ্মীভূত হোৱাত এক দুৰ্যোগৰ সন্মুখীন হয় পৰিয়াল কেইটা।

পৰিয়াল কেইটাৰ দুৰ্যোগৰ সমভাগী হৈয়ে আলি আয়ে লৃগাংৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই পবিত্ৰ দিনটোত গাঁওখনৰ সকলো লোক সমবেত হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালকেইটা থাকিব পৰাকৈ অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে ‌। লগতে আলি আয়ে লৃগাং উদযাপনৰ বাবে সংগৃহীত সকলো ধন পৰিয়াকেইটালৈ সাহাৰ্য্য় হিচাপে আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply