নিউজ ডেক্স: ৰাজ্যজুৰি এতিয়া ভোগৰ ভোগালীক আদৰাৰ ব্যাপক প্রস্তুতি। ভিন্ন প্রান্তৰ পথাৰত আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্রতিযোগিতা চলিছে। গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৱে মিলি ব্যস্ত হৈ পৰিছে পৰম্পৰাগত পিঠা-পনা প্রস্তুতত। ভোগালীৰ বজাৰতো দেখা গৈছে ক্রেতা-বিক্রেতাৰ ভিৰ।
গোলাঘাটত এইবাৰ আইফেল টাৱাৰ। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। চেনেহৰ ভোগালী বিহুটিক আদৰিবলৈ উত্ৰাৱল হৈ পৰিছে অসমীয়া চহা জনজীৱন। গোলাঘাটৰ ফৰকাটিংৰ দলৌজান হাৱিচুক অঞ্চলত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ভোগালীৰ উৰুকাৰ ভেলাঘৰ। পেৰিছৰ আইফেল টাৱাৰৰ আৰ্হিত গাঁওবাসীয়ে নিৰ্মাণ কৰিছে এটা আটকধুনীয়া ভেলাঘৰ।
বাঁহৰ কামিৰে সুনিপুণভাৱে নিৰ্মান কৰা আইফেল টাৱাৰ সদৃশ ভেলাঘৰটোৰ বাকৰিতে উৰুকাৰ নিশা হাঁহে মাহে এসাজ উদৰ পুৰাই খোৱাৰ মনস্থ কৰিছে গাঁওবাসীয়ে। বিহুলৈ কিছুদিন বাকী আছে যদিও বৰ্তমান ভেলাঘৰটোৰ বাকৰিত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশৰ। মুঠতে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ এতিয়া এইদৰে তৎপৰ হৈ পৰিছে গোলাঘাটৰ ফৰকাটিংৰ বামবৰাহী আৰু দলৌজান হাৱিচুকবাসী দুয়োখন গাওঁৰ ৰাইজে।

নাজিৰা মহকুমাৰ শিমলুগুৰি টিপমিয়া গাওঁ বাসীয়ে সাজি উলিয়াইছে প্ৰকৃতি ধংস কয়লা খনিৰ জুলৰ আকাৰৰ ভেলাঘৰ ৷ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটা মান ঘন্টা বাকী৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী ক আদৰিবলৈ সাজু হৈছে গাঁৱৰ জীয়াৰী-বোৱাৰী ৷সকলোতে পাৰভঙা উচাহ ৷
অন্য প্ৰান্তৰ দৰে শিৱসাগৰ জিলাৰ টিপমিয়া বাসিন্দা সকলো পিছ পৰি ৰোৱা নাই হেপাঁহৰ বিহুটিক আদৰিবলৈ৷ গাভৰু,জীয়ৰী-বোৱাৰী সকলো এতিয়া চিৰা পিঠা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷পুৱাৰে পৰা ডেকা জীয়ৰী বোৱাৰী সকলৰ পাৰ ভঙা উচাহ ৷

কাইলৈ উৰুকা, বজাৰত সামগ্ৰীৰ দামে জুই লাগিছে তাৰ মাজতো বিহু আয়োজনত ব্যস্ত অসমবাসী | ৰাজ্য ভিন্ন প্ৰান্তত এই দিনটোৰ বাবে ভেলাঘৰ সজাৰ পৰা উৰুকাৰ ভোজ খোৱালৈকে চলিছে পূৰ্ব প্ৰস্তুতি। তেজপুৰৰ পৰ্বতীয়াৰ বেজৰ চুবুৰীটো উলহ-মালহেৰে আয়োজন কৰিছে ভোগালী বিহু। এইবাৰৰ ৫৫ সংখ্যক ভোগালী বিহুত দ পৰ্বতীয়াৰ ৰাইজে বিহুৰ লগতে উদযাপন কৰিছে প্ৰীতি ভোজৰো।

কামপুৰতো ভোগালীৰ ব্যাপক প্ৰস্তুতি। নগাঁও জিলাৰ কামপুৰ বাহাকাবাৰীত ৰাইজে একত্ৰিত হৈ নিৰ্মাণ কৰিছে এই ভেলাঘৰটো ৷ উৰুকাৰ নিশা এই ভেলাঘৰটোতেই গাওঁখনৰ সকলোৱে মিনি এসাঁজ খোৱাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা ভেলাঘৰটো বাহ আৰু নৰাৰে নিৰ্মাণ কৰিছে।

আনহাতে কামৰূপ জিলাৰ বকোত ভোগালী বিহু উপলক্ষে গাৱৰ যুবক-যুবতীসকলে গাধপুতাত কাৰেংঘৰ আৰ্হিত মেজি সাজিছে । ডিচেম্বৰৰ পৰা ঘৰৰবাৰীৰ বাহ , মৰাপাটৰ ৰছী , খেতিপথাৰৰ নৰা,ধানখেৰ আদিৰ সহায়েৰে সাজিছে এইবাৰৰ কাৰেংঘৰ আৰ্হিৰ মেজি। গাঁৱখনৰ খেতিয়ক বিনোদ ৰাভাৰ খেতিপথাৰত সজা কাৰেংঘৰ আৰ্হিৰ মেজিটোৰ জোখ দীঘল ৩৩ ফুট, বহল ৩০ফুট আৰু উচ্চতা ৩৩ ফুট ।