গুৱাহাটী – এইবাৰ আন এজন কংগ্ৰেছী বিধায়কক লাগে এটা মিউজিয়াম। বাঙালী মিউজিয়াম লাগে কলাক্ষেত্ৰত। বিগত কিছুদিন ধৰি মিঞা মিউজিয়াম স্থাপনৰ বিষয়টোক লৈ বিতৰ্ক চলি থকাৰ পাছত এইবাৰ কলাক্ষেত্ৰত বাঙালী মিউজিয়ামৰ দাবী জনাইছে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই।
কলাক্ষেত্ৰত এইবাৰ বাঙালী মিউজিয়ামৰ দাবী জনায়৷বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই এই সন্দৰ্ভত কয় যে, “ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ নিজস্ব কলা-সংস্কৃতিৰ ক্ষেত্ৰত মিউজিয়ামৰ ব্যৱস্থা থাকিব লাগে৷ কলাক্ষেত্ৰত লাগে বাঙালী মিউজিয়াম৷শংকৰদেৱ কলাক্ষেত্ৰত সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি সংৰক্ষিত হোৱা উচিত৷”