নিউজ ডেস্ক– কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ, হাৰিয়ানাৰ লগতে দেশৰ অনান্য ৰাজ্য কৃষকে কৰা আন্দোলনে ইতিমধ্যে ২০ দিন অতিক্ৰম কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৰ্তমানলৈ কৃষকসকলে বহুবাৰ আলোচনাত বহিছে যদিও কোনো সমাধান ওলোৱা নাই।
দিল্লীৰ বহুকেইটা সীমাত সমবেত হোৱা হাজাৰ হাজাৰ কৃষকে সোমবাৰে অনশন কৰিছিল। বৰ্তমানেও এই আন্দোলনৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। প্ৰচণ্ড শীতক নেওচি কৃষক সকল উপস্থিত আছে আন্দোলনটোত।
এনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে গুজৰাটৰ কচ্ছত কৃষক সকলক লগ ধৰাৰ পিছত আন্দোলনটোৰ চৰিত্ৰ সলনি হোৱাৰো আশংকা কৰিছে ।