এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব বাংলাদেশৰ সেনাই

নিউজ ডেক্স:- এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব বাংলাদেশৰ সেনাই |বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতৰ গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীত এইবাৰ অংশ ল’ব চুবুৰীয়া দেশখনৰ সেনা বাহিনীয়ে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, দেশখনৰ সামৰিক বাহিনীৰ তিনিওটা বিভাগৰ (স্থল, জল, বায়ু সেনা) সৰ্বমুঠ ১২২ সেনাই অংশ ল’ব ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ পেৰেডত।

ভাৰতীয় বায়ুসেনাৰ বিমানেৰে বাংলাদেশৰ ১২২জন সেনাৰ সদস্যক ১২ জানুৱাৰীত দিল্লীলৈ অনা হ’ব। জানুৱাৰীৰ ১৯ তাৰিখলৈকে তেঁওলোকক দিল্লীত আছুতীয়াকৈ ৰখা হ’ব। পেৰেডত অংশগ্ৰহণ কৰাৰ পিছত ৩০ জানুৱাৰীত তেওঁলোক নিজ দেশলৈ উভতি যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply