চতিয়াত – এইবাৰ চতিয়াত ওলাইছে গঁড়। চতিয়াত গঁড়ৰ মুক্ত বিচৰণ। কাজিৰঙাৰ পৰা ওলাই অহা গঁড়টোক চাবলৈ ৰাইজৰ ভিৰ। গঁড়টোকলৈ অঞ্চলত বিৰাজ কৰিছে আতংকময় পৰিস্থিতিৰ।
বিশ্বনাথত এইবাৰ গঁড়ৰ আতংক। বিশ্বনাথ জিলাৰ চতিয়াত দেওবাৰ নিশা আগমন ঘটে এটা গঁড়ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা প্ৰকাণ্ড গঁড় মুক্ত বিচৰণ কৰিছে চতিয়াত। সোমবাৰে পুৱাৰ ভাগত চতিয়াৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপৰ এটা পুখুৰীত গঁড়টোৱে জিৰণি লৈ থকা প্ৰত্যক্ষ কৰে ৰাইজে।
পানীৰ মাজত জিৰণি লোৱা গঁড়টোক চাবলৈ লোকেলোকাৰণ্য হৈ পৰে অঞ্চলটো৷ গঁড়টোৱেও মানুহৰ হৈ হাল্লাত অতিষ্ঠ হৈ পুখুৰীৰ পৰা ওলাই মৰনৈ নদী পাৰ কৰি খাটোৱালৰ এটা পুখুৰীত পুনৰ অৱস্থান কৰে৷ সম্প্ৰতি অঞ্চলটোত গঁড়টোকলৈ এক আতংকই বিৰাজ কৰিছে৷
উল্লেখ্য যে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে বিশ্বনাথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বনৰীয়া ম’হটোৰ আক্ৰমণত দুজনকৈ লোক নিহত হোৱাৰ লগতে মহিলা আৰু শিশুসহ আহত হৈছিল তিনিজনকৈ লোক। বন বিভাগে ম’হটোক গুলীয়াই মাৰিবলৈ বাধ্য হৈছিল।