নিউজ ডেক্স: এইবাৰ চৰকাৰে আয়োজন কৰিছে ‘গো বিজ্ঞান’ সম্পৰ্কত পৰীক্ষা | অহা ২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব এই পৰীক্ষা | এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কামধেনু আয়োগে। গো-কল্যাণৰ বাবে গঠন কৰা এক চৰকাৰী সংস্থা হৈছে ৰাষ্ট্ৰীয় কামধেনু আয়োগে এই পৰীক্ষা দেশজুৰি অনলাইন পদ্ধতিত আয়োজন কৰিছে |
পৰীক্ষাৰ বাবে কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহয় আৰু পৰীক্ষাৰ সময়সীমা ১ ঘণ্টা হ’ব। প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষাৰ নাম দিয়া হৈছে– ‘কামধেনু গো বিজ্ঞান প্ৰসাৰ প্ৰচাৰ পৰীক্ষা’।
ইংৰাজী, হিন্দীৰ লগতে ১২টা অন্য ভাষাতো এই পৰীক্ষা অনুষ্ঠিত হ’ব । চাৰিটা শাখাত অনুষ্ঠিত হ’ব এই পৰীক্ষা |
প্ৰথম পৰ্যায় প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈ , দ্বিতীয় পৰ্যায় নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ , তৃতীয় পৰ্যায় মহাবিদ্যালয়ৰ পৰ্যায়লৈকে আৰু চতুৰ্থ পৰ্যায় সাধাৰণ লোকৰ বাবে | পৰীক্ষা ১০০ৰো অধিক প্ৰশ্ন অবজেক্টিভ প্ৰকাৰৰ হ’ব।
পৰীক্ষাৰ ফলাফল ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ ৱেবছাইটত উল্লেখ কৰা হ’ব। সকলোকে প্ৰমাণপত্ৰ দিয়াৰ লগতে বিশেষভাৱে সফলতা লাভ কৰা সকলক বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হ’ব বুলি জনাইছে।
ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লবভাই কাঠৰিয়াই জনোৱা মতে, প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষা প্ৰতিবছৰে অনুষ্ঠিত কৰা হ’ব।