এইবাৰ সত্ৰত চকু পৰিছে জাতীয় সংগঠনৰ স্বয়ম্ভু নেতাৰ

তেজপুৰ – জাতীয় সংগঠনৰ নেতাৰ বিৰূদ্ধে হাতত প্লেকাৰ্ড লৈ ৰাইজৰ প্ৰতিবাদ৷ তেজপুৰৰ ঐতিহাসিক নিকামুল সত্ৰত জাতীয় সংগঠনৰ স্বয়ম্ভূ নেতা ৰাজীৱ দাসৰ সুমতি বিছাৰি ৰাইজে আশীৰ্বাদ ল’লে সত্ৰত৷

তথাকথিত জাতীয় সংগঠনৰ স্বয়ম্ভূ নেতা ৰাজীৱ দাসৰ বিৰূদ্ধে সৰৱ হৈ উঠিছে ঐতিহাসিক নিকামুল সত্ৰৰ লগতে ধৰ্মৰত্ন গহন চন্দ্ৰ গোস্বামী স্মৃতি বিজড়িত গহন উদ্যান সমিতি৷ জাতীয় সংগঠনৰ নামত দালালি নচলিব, গহন উদ্যানৰ ওপৰত আতিশয্য বন্ধ কৰক, ৰাজীৱ দাস মূৰ্দাবাদ শ্ল’গানৰে উত্তাল প্ৰতিবাদ তেজপুৰৰ ৰাজপথ৷

গহন উদ্যনৰ সন্মুখত বেনাৰ-প্লেকাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাইজ সমদল কৰি উপস্থিত হৈছে ঐতিহাসিক নিকামুল সত্ৰত৷ সত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা খেদা খাই জাতীয় যুৱ সন্মিলন নামৰ সংগঠনটোৰ জন্ম দি স্বয়ম্ভূ সভাপতি হৈ পৰা ৰাজীৱ দাসৰ সুমতি বিছাৰি ৰাইজে হৰিধ্বনি দি আশীৰ্বাদ লয়৷

উল্লেখ্য যে, বিগত কেবাবছৰো ধৰি গহন উদ্যানৰ উন্নয়নমুলক কামকাজত বাধাৰ সৃষ্টি কৰি ইয়াৰে এগৰাকী নিষ্ঠাবান সংগঠক অশ্বিনী বৰা আৰু একাংশ বিষয়ববীয়াৰ বিৰূদ্ধে কুৎসা ৰচনা কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাজীৱ দাসৰ বিৰূদ্ধে৷ যাৰ বহিঃপ্ৰকাশ ঘটিল বৃহস্পতিবাৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply