গুৱাহাটী – দিল্লীস্থিত এইমছত ভর্তি কৰোৱা হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখীক৷ একাধিক ৰোগত আক্রান্ত হৈ থকা ৰাজ্যপালজন যোৱা শনিবাৰে পুৱা অধিক অসুস্থ হৈ পৰাত লগে লগে এইমছত ভর্তি কৰোৱা হয়৷ দিল্লীৰ অসম ভৱনৰ এটা সূত্রই প্রকাশ কৰা অনুসৰি পূজাৰ পূর্বেই দিল্লীলৈ যোৱা ৰাজ্যপালজনে দিল্লীস্থিত নিজা বাসভৱনৰ পৰাই এইমছলৈ অহা-যোৱা কৰি চিকিৎসা গ্রহণ কৰি আছিল৷
কিন্তু শেহতীয়াকৈ তেওঁ অধিক অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়খনত ভর্তি কৰোৱা হয়৷ সম্প্রতি চিকিৎসালয়খনৰ ৩০২নং কোঠাত তেওঁ চিকিৎসাধীন হৈ আছে৷ ইফালে দিল্লীৰ অসম ভৱনৰ পৰাই তেওঁৰ বাবে যান-বাহনকে ধৰি সকলো সা সুবিধা আগবঢ়াই থকা হৈছে যদিও ৰোগ সন্দর্ভত এতিয়াও কোনো কথা ৰাজভৱন বা অসম ভৱনে আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷
উল্লেখ্য যে ২০১৭ চনৰ ১০ অক্টোবৰত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা জগদীশ মুখীয়ে দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, আবকাৰী আৰু কৰ আৰু উচচ শিক্ষা মন্ত্রী হিচাপেও কার্যনির্বাহ কৰিছিল৷