একেদিনাই ৰাজ্যত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি

গুৱাহাটী – মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত একেদিনাই নিযুক্তি লাভ কৰিলে ২৯,৭০১ গৰাকী শিক্ষক। ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে শুকুৰবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। শিক্ষা খণ্ডৰ এই ঐতিহাসিক দিনটোৰ সাক্ষী হৈ ৰ’ল সৰুসজাই ষ্টেডিয়াম। দীৰ্ঘদিন বিনা বেতনে চাকৰি কৰি অহা বহু শিক্ষকৰ মুখত বিৰিঙিলে হাঁহি।

শুকুৰবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ২৯,৭০১ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰদান কৰে ৰাজ্যৰ শিক্ষা বিভাগে। পুৱাৰ ভাগত সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। শিক্ষক নিযুক্তি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মুখত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে হাঁহি বিৰিঙি উঠা দেখিবলৈ পোৱা যায়। হাতত নিযুক্তি পত্ৰ লৈ আনন্দত আত্মহাৰা হৈ পৰাও দেখিবলৈ পোৱা যায় বহু নৱনিযুক্ত শিক্ষক-শিক্ষয়িত্ৰীক।

শুকুৰবাৰে ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ২৭,৯০০ গৰাকী শিক্ষকক। দুটা পৰ্যায়ত শিক্ষাক সকলক নিযুক্তি দিয়া হৈছে শুকুৰবাৰে। শিক্ষক নিযুক্তি অনুষ্ঠানত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বৰ চৰকাৰখনে শিক্ষাক সকলৰ নিযুক্তি ক্ষেত্ৰত দায়িত্ব নোলোৱাৰ বাবে শিক্ষকসকলৰ এই অৱস্থা হৈছে। ২০১১ চনৰ পৰাই শিক্ষামন্ত্ৰী থকাৰ সময়ত মই বিদ্যালয়সমূহ প্ৰাদেশীকিৰণ কৰাৰ বাবে চেষ্টা কৰি আহিছো।

শিক্ষা মন্ত্ৰী গৰাকীয়ে লগতে কয় যে মই শিক্ষামন্ত্ৰী হৈ থকা সময়ছোৱাত ১ লাখ ৯১ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে। পূৰ্বে বিদ্যালয় প্ৰাদেশীকিৰণ কৰাৰ বাবে বহু শিক্ষক ৰাজনৈতিক নেতাৰ ভৰিত পৰিব লগা হৈছিল কিন্তু আমাৰ চৰকাৰৰ দিনত এই পৰিৱেশ নোহোৱা হৈছে বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ২০-৩০ বছৰে বিনা বেতনে চাকৰি কৰা বহু শিক্ষকে নিযুক্তি লাভ কৰে শুকুৰবাৰৰ দিনটোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply