মাজুলী– মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ শুভাৰম্ভৰ পিছতেই মাজুলীত আনন্দৰ বন্যা। শুকুৰবাৰে সন্ধিয়া ৭ বজাত মাজুলীবাসীয়ে ১ লাখ জ্বলন্ত চাকিৰে প্ৰধান মন্ত্ৰীক মাজুলীলৈ দলং উপহাৰৰ বাবে দিলে কৃতজ্ঞতা।
এক লাখ গছি মাটিৰ চাকিৰে লিখিলে মাজুলীবাসীয়ে লিখিলে ”Thank You Modi Ji”
বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে দলঙৰ ভূমি পূজন সম্পন্ন হোৱাৰ পিছৰ পৰাই এক আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশে বিৰাজ কৰিছে মাজুলীত৷ তাৰেই বহিঃপ্রকাশ ঘটিল মাজুলীৰ দক্ষিণপাট সত্রৰ সমীপৰ ব্রহ্মপুত্রৰ পাৰঘাটত। হৰি নামৰ ধ্বনিৰে মুখৰ হৈ পৰিল ব্রহ্মপুত্রৰ পাৰ৷
এই বন্তি প্রজ্বলন অনুষ্ঠানৰ শুভাৰম্ভ কৰে সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে ।