সম্পূৰ্ণ নহ'ল দলংখন

ৰঙিয়া– আধাৰশিলা স্থাপন কৰা দুবছৰৰো পাছতো আজি লৈকে সম্পূৰ্ণ নহ’ল ৰঙিয়া সমষ্টিৰ এখন দলং। ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁও -দহৰা সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত থকা দলং খনৰ নিৰ্মাণকাৰ্য আজি লৈকে সম্পূৰ্ণ নহ’ল।

প্ৰায় ১ কোটি, ৮৬ লাখ, ৮৪ হাজাৰ, ৮১৮ টকাৰ আবন্টনত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। কিন্তু দীৰ্ঘদিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থকাত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে।

পকী দলং নিৰ্মাণ কৰাৰ বাবে পূৰ্বৰ কাঠৰ দলং ভাঙি স্থাপন কৰা হৈছিল বাঁহৰ সাঁকো আৰু ৰেলিং । সাঁকোৰেই বিপজ্জনক ভাৱে অহা যোৱা কৰিব লগা হৈছে স্থানীয় ৰাইজে ।ফলত বিষয়া -ঠিকাদাৰে চৰকাৰী ধন আত্মসাৎ ৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰে ৰাইজ ।লগতে অনতিপলমে দলং খনৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply