সোণতলী – এগৰাকী সাহসী যুৱকে ৰক্ষা কৰিলে গাঁও। অগ্নিকাণ্ডত ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰিলে গাঁৱত থকা বাসগৃহ সমূহক। জ্বলি থকা বাসগৃহৰ মাজৰ পৰা যুৱক গৰাকীয়ে উলিয়াই আনিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ।
নতুন বছৰৰ প্ৰথম দিনাই দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভিতৰ দুৱাৰত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এগৰাকী লোকৰ ৰান্ধনী ঘৰৰ পৰা সূত্ৰপাত হোৱা জুইয়ে চকুৰ পলকতে ধাৰণ কৰে এক ভয়াবহ অগ্নিকাণ্ডৰ ৰূপ। দুটাকৈ বাসগৃহ আৱৰি ধৰা জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে সমগ্ৰ গাঁওবাসী।
অগ্নিকাণ্ডই আৱৰি ধৰা বাসগৃহ দুটা ৰক্ষা কৰিবলৈ ৰাইজে অপ্ৰাণ চেষ্টা চলাই থকাৰ মাজতে এগৰাকী যুৱক আগুৱাই আহি জ্বলি থকা বাসগৃহটোৰ ৰান্ধনী ঘৰৰ ভিতৰত পৰা উলিয়াই আনে ৰন্ধন গেছৰ চিলিণ্ডাৰ। যুৱক গৰাকীৰ সাহসীক পদক্ষেপৰ ফলত অঞ্চলটোত থকা অন্যান্য বাসগৃহ সমূহৰ ৰক্ষা পৰে ভয়াবহ অগ্নিকাণ্ডৰ পৰা।
উল্লেখ্য যে, গৰৈমাৰীৰ ভিতৰ দুৱাৰৰ ইমান আলী নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত ইমান আলীৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ইমান আলীৰ বাসগৃহ দুটাৰ ভিতৰত থকা ধান, চাউল, আ-অলংকাৰৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যায়।
অগ্নিকাণ্ডত ইমান আলীৰ প্ৰায় ডেৰ লক্ষাধিক টকাৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয় যদিও ইমান আলীৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণ জাহ যায় জুইত। ৰান্ধনী ঘৰৰ চৌকাৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।