গুৱাহাটী – অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত অক্ষয় চান্দ লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। অক্ষয় চান্দৰ লগতে ৮ জনকৈ অভিযুক্তই লাভ কৰিলে জামিন।
ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা সৰ্ববৃহৎ কেলেংকাৰী অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। যোৱা বছৰ ২০ ছেপ্টেম্বত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্তৰ ঘোষণা কৰাৰ লগতে এই কেলেংকাৰী লগত জড়িত প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদনা কৰিছিল।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অসম আৰক্ষী আৰু চি আই ডিয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছিল কেইবাজনো অভিযুক্তক। বিজেপি নেতা দিবন ডেকাৰ লগতে প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্ত আৰু কেইবাজানো লোক এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছিল। জালত পৰিছিল অক্ষয় কমিউনিকেশ্যনৰ স্বত্তাধিকাৰী অক্ষয় চান্দ।
ইয়াৰ মাজতে ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ প্রশ্ন কাকত ফাদিল কেলেংকাৰিৰ মুল অভিযুক্ত অক্ষয় চান্দৰ জামিন মঞ্জুৰ কৰিছে ন্যায়ালয়ে। অক্ষয় চান্দৰ লগতে অন্য ৮ জন অভিযুক্তৰো জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসুস্থতাৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হৈছে অক্ষয় চান্দে।