গুৱাহাটী- ৰাজ্যজুৰি চাঞ্চলৰ সৃষ্টি কৰা অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তিৰ কেলেংকাৰিৰ মূল অভিযুক্ত আৰক্ষী বিষয়া কুমাৰ সঞ্জীত কৃষ্ণসহ ১১ জন অভিযুক্তৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷
প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ অধিবক্তাই সদৰী কৰা অনুসৰি কুমাৰ সঞ্জীত কৃষ্ণ স্নায়ুৰোগত আক্রান্ত হৈ আছে তেওঁ নিজকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে। সেই বাবে তেওঁৰ জামিন মঞ্জুৰ কৰিব লাগে।
কিন্তু কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন আবেদনত আপত্তি দৰ্শাই ৰাজ্য় চৰকাৰৰ চৰকাৰী অধিবক্তাই কয় যে আৰক্ষীৰ উপ–পৰিদর্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত মাষ্টাৰ মাইণ্ড আছিল সঞ্জীত কৃষ্ণ।
এই সমগ্র তথ্য বিচাৰ কৰাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে এছ আই কেলেংকাৰিৰ মূল অভিযুক্ত সঞ্জীত কৃষ্ণৰ লগতে হিৰুজ জ্য়োতি বৰুৱা, পাপু মণি নাথ,জিতু মিকিৰ, আনোৱাৰ আলী, দিলীপ গগৈ, প্রিয়নাথ গগৈ, মৃণাল কুমাৰ নাথ, কুমুদ চন্দ্র গোস্বামী আৰু যুগমী ব্রহ্মৰ জামিন নাকচ কৰে।