গুৱাহাটী – এছ আই কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত ৰুবুল হাজৰিকাই অৱশেষত আত্মসমৰ্পন কৰিছে। আজি কিছুসময় পূৰ্বে নলবাৰী আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে অক্ষয় চান্দ বৈদ্য মালিকানাধীন অক্ষয় টেলিকমিউনিকেশ্যনছৰ অংশীদাৰ ৰুবুল হাজৰিকাই।

সম্প্ৰতি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত ৰুবুল হাজৰিকাক মাৰাথন জেৰা চলাই থকা হৈছে নলবাৰী আৰক্ষী চাউনীত ৷ জেৰাৰ অন্তত ধৃত ৰুবুল হাজৰিকাক লৈ জি পি সিংৰ নেতৃত্বতো এক বিশাল আৰক্ষী বাহিনী গুৱাহাটী অভিমুখে ৰাওনা হ’ব। উল্লেখযোগ্য এই এছ আই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে নলবাৰীৰ কুলদ্বীপ ৰাজবংশী, নিতুল বর্মনকে ধৰি আন তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে বুধবাৰে আৰক্ষীয়ে অক্ষয় চান্দ বৈদ্য আৰু ৰুবুল হাজৰিকাৰ গৃহত তালাচী চলাইছিল। ইফালে অক্ষয় টেলিকমিউনিকেশ্যনছৰ কাৰ্যালয় ছীল কৰি দিছে আৰক্ষীয়ে। সম্প্ৰতি অক্ষয় চান্দ বৈদ্য পলাতক অৱস্থাত থকাত তেওঁৰ ভাতৃ নিৰ্মল বৈদ্যক কালি আৰক্ষীয়ে সোধ পোছ কৰে। স্মৰ্তব্য যে এছ আই নিযুক্তি পৰীক্ষাৰ উপ-ঠিকা লাভ কৰিছিল অক্ষয় চান্দ বৈদ্যই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply