পিকে দত্ত আৰু দিবন ডেকা (ফাইল ফটো)

গুৱাহাটী – এইবাৰ এছআই কেলেংকাৰীৰ খলনায়ক পিকে দত্ত আৰু দিবন ডেকাৰ সকলো সম্পত্তিৰেই তদন্ত কৰিব এনফ’র্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে। ইতিমধ্যেই অসম আৰক্ষীৰ পৰা ইডিয়ে পি কে দত্ত আৰু দিবন ডেকাৰ সম্পত্তিৰ তালিকা বিচাৰিছে৷ প্ৰাথমিক অৱস্থাতে অপৰাধ শাখাৰ অভিযানত বিতর্কিত পি কে দত্তৰ সম্পত্তিৰ পাহাৰ পোহৰলৈ আনিছে৷

তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন স্থানত থকা পি কে দত্তৰ স্থাৱৰ সম্পত্তিৰ মূল্য কমেও ২ হাজাৰ কোটি টকা হ’ব৷ অতি কম সময়ৰ ভিতৰত নিলম্বিত বিজেপি নেতা দিবন ডেকায়ো আহৰণ কৰিছে অগাধ ধন আৰু সম্পত্তি৷ এছ আই কেলেংকাৰীৰ তদন্তৰ সমান্তৰালভাৱে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে ই ডিৰ তদন্তই তাৎপর্য বহন কৰিছে৷

তাৎপৰ্যপূৰ্ণভাৱে দিবন ডেকাক ৫ দিনৰ বাবে জিম্মাত লৈও অসম আৰক্ষীয়ে ৰাজআতিথ্য দি এছ বিৰ অতিথিশালাত ৰখাক লৈ সৰ্বত্ৰে প্রতিক্রিয়াৰ সৃষ্টি হৈছে। এছ আই কেলেংকাৰীত এতিয়ালৈ গ্রেপ্তাৰ কৰি আৰক্ষী জিম্মাত থকা অন্য অভিযুক্তসকলক পাণবজাৰ থানাৰ লকআপত ৰখাৰ বিপৰীতে দিবন ডেকাক ৰাখিছে এছবিৰ অতিথিশালাত।

ইফালে, কেলেংকাৰীত জড়িত বিশেষকৈ প্রার্থীৰ পৰা ধন সংগ্রহ অভিযানত শাসকীয় দলৰ কেইবাজনো পালিনেতা গ্রেপ্তাৰ হোৱাত উক্ত ঘটনাত শাসকীয় দলৰ শীর্ষ নেতাৰ নামো সাঙোৰ খাই পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply