গুৱাহাটী – অসম আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰীৰ প্ৰধান অভিযুক্ত তথা অসম আৰক্ষীৰে প্ৰাক্তন উপ পৰিদৰ্শক প্ৰধান পি কে দত্তক আজি ৬ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে অসম আৰক্ষীৰ অপৰাধ শাখাই আজি দত্তক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাইছিল।

প্ৰাপ্ত তথ্য অনুসৰি, অপৰাধ শাখাই দত্তক বিতংভাৱে সোধ-পোচৰ বাবে ৭ দিন নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে দত্তক।

ইয়াৰ পূৰ্বে আজি প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক ক”ভিড পৰীক্ষাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতে কৰা এণ্টিজেন টেষ্টত নিগেটিভ ফলাফল পোৱা যায়।

উল্লেখ্য যে কালি অৰ্থাৎ মঙলবাৰে অসম আৰক্ষীৰ এটা উচ্চস্তৰীয় দলে দাৰ্জিলিং আৰক্ষীৰ পৰা ভাৰত নেপাল সীমান্ত কাকড়ভিট্টাৰ পৰা চমজি লৈছিল।

ইফালে এই একেই কেলেংকাৰীৰ আন এটা কুখ্যাত খলনায়ক দিবন ডেকাক ৬ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত সোধ-পোচ কৰি কালি পুনৰ দিবন ডেকাক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়।

চি আই ডিয়ে দিবন ডেকাক ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ৬ দিনৰ বাবে জিম্মাত দিয়ে।উল্লেখযোগ্য যে,চি আই ডিত অসম আৰক্ষীয়ে ২১/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৯ আৰু ৬৬(বি) ত এক গোচৰ ৰুজু কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply